ধুবুৰী, ২৪ জুলাই (হি.স.): ধুবুৰী জিলাত প্ৰহসনত পৰিণত জলসিঞ্চন বিভাগৰ পানী যোগান প্ৰকল্প। অনুমান ২০/২৫ বছৰ পূৰ্বে মূৰাবাৰী টিপকাই নৈৰ পাৰত নিৰ্মাণ হৈছিল পানী যোগান প্ৰকল্প। কিন্তু কৃষকে খেতিপথাৰত নাপালে এটোপালো পানী।
জলসিঞ্চন বিভাগৰ মন্ত্ৰী ধুবুৰী জিলাৰ মূৰাবাৰী অঞ্চলৰ কৃষক খেতিয়ক সকলৰ সুবিধাৰ্থে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ’ব সময়ত লক্ষ্যনীয়।পানী যোগান আঁচনি খনৰ বিসয়ে স্থানীয় ৰাইজে মন্তব্য কৰে যে এই আঁচনিৰ জৰিয়তে একাংশই ধন ঘটাৰ পথ মুকলি কৰি লৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
