ওদালগুৰি, ২৬ নৱেম্বৰ (হি.স.): ওদালগুৰি জিলাত চলিত বৰ্ষত পথ দুৰ্ঘটনাত সৰ্বাধিক ১১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৩০ জন আহত হয় । সংবাদমেলত এই তথ্য সদৰি কৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই ।
উল্লেখ্য যে যোৱা ৰবিবাৰে ওদালগুৰি আৰক্ষীৰ এজন আৰঅ’ (RO) দুলুমণি মেধি দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছত ওদালগুৰি আৰক্ষী যান বাহন আইনৰ ক্ষেত্ৰত অধিক কঠোৰ হৈছে ওদালগুৰি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই এক সংবাদ মেলত প্রকাশ কৰে যে ওদালগুৰি জিলাত পথ দুৰ্ঘটনা সংঘটিত হৈছে কেৱল দুচকীয়া বাহনৰ কাৰণে । সেয়ে অহা ১০ দিনত ওদালগুৰি আৰক্ষীয়ে বিভিন্ন স্কুল কলেজত পথ দুৰ্ঘটনাৰ ওপৰত সজাগতা সভা আহ্বান কৰিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
