নগাঁও, ০১ ডিচেম্বৰ (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটৰ উত্তৰ খাটোৱালত বৃহস্পতিবাৰে সন্ধিয়া বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয়। এই সন্দৰ্ভত ৰিয়াজুল ইছলাম নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক কৰায়ত্ত কৰা হয় ৷
ৰূপহীহাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ প্ৰমখেদি এজন ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ ধৃত উত্তৰ খাটোৱালৰ ৰিয়াজুল ইছলামৰ পৰা আঠটাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ জব্দ কৰিবলৈ সক্ষম হয় ৰূপহীহাট আৰক্ষীয়ে৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোক ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যহত ৰাখিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
