যোৰহাট, ১০ ডিছেম্বৰ ( হি স)। যোৰহাটৰ জাঁজী হাঁহচৰাত পুঁৱতিনিশা নৈশ বাছ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰিল ডিব্ৰুগড় অভিমুখী এএছ ০৬ চিচি ৩২১৮ নম্বৰৰ মেঘা নামৰ নৈশ বাছ।
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাঁজী হাঁহচৰাত বহুত দুৰৰ পৰাই নিয়ন্ত্ৰণ হেৰুৱাই আহিছিল বাছখনে। এই দূৰ্ঘটনাত একাধিক যাত্ৰী আহত হৈছে। ইতিমধ্যে এগৰাকী মহিলাক ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত টীয়ক আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ তদাৰক কৰে।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
