-বুধবাৰে পুৱতি নিশা বিস্ফোৰণৰ পিছতে এথাৰ ইণ্ডাষ্ট্ৰীজ কেমিকেল কোম্পানীত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত
-ঘটনাটোত ২৭ জন অগ্নিদগ্ধ, ৭ জন শ্ৰমিক সন্ধানহী হৈছিল, ৮ জনৰ এতিয়াও জীৱন-মৃত্যুৰ মাজত সংগ্ৰাম
চুৰাট, ৩০ নৱেম্বৰ (হি.স.)। চুৰাটৰ শচীন জিআইডিচিৰ ৰাসায়নিক কোম্পানী এথাৰ ইণ্ডাষ্ট্ৰীজ লিমিটেডত বুধবাৰে পুৱতি নিশা সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডৰ পিছত সন্ধানহীন হোৱা ৭ জন শ্ৰমিকৰ মৃতদেহ বৃহস্পতিবাৰে পুৱা উদ্ধাৰ কৰা হয়। মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। এই দুৰ্ঘটনাত ২৭ জন শ্ৰমিক অগ্নিদগ্ধ হয়। ইয়াৰে ৮ জন শ্ৰমিকে ৭০ৰ পৰা ১০০ শতাংশ জ্বলা-পোৰাৰ ফলত আঘাতপ্ৰাপ্ত হৈছে, আটাইকেইজনেই চিকিৎসালয়ত নিজৰ জীৱন ৰক্ষাৰ বাবে যুঁজি আছে।
চুৰাট আৰক্ষীৰ উপ আয়ুক্ত ৰাজেশ পাৰমাৰৰ মতে, কোম্পানীটোত কৰ্মৰত ৭ জন কৰ্মচাৰীৰ সন্ধান পোৱা নগ’ল। তেওঁৰ নিৰুদ্দেশৰ বিষয়ে তেওঁৰ পৰিয়ালৰ লোকে অৱগত কৰিছিল। জুই নিৰ্বাপিত হোৱাৰ পিছত তালাচীৰ অন্তত প্ৰথমে ৬ জন আৰু পিছত ১ জন কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। নিহত কৰ্মচাৰী কেইজনৰ নাম হৈছে দিব্যেশ কুমাৰ পেটেল, সন্তোষ বিশ্বকৰ্মা, সনাত কুমাৰ মিশ্ৰ, ধৰ্মেন্দ্ৰ কুমাৰ, গণেশ প্ৰসাদ, সুনীল কুমাৰ আৰু অভিষেক সিং।
তথ্য অনুসৰি বুধবাৰে নিশা শচীন জিআইডিচিত অৱস্থিত ৰাসায়নিক কোম্পানী এথাৰ ইণ্ডাষ্ট্ৰীজত বুধবাৰে নিশা ২ বজাত এখন ষ্ট’ৰেজ টেংকাৰত অগ্নিকাণ্ড সংঘটিত হয়। কৰ্মচাৰীয়ে কোম্পানীত তিনিটা শ্বিফট আৰু এটা সাধাৰণ শ্বিফটত কাম কৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত কোম্পানীটোত কৰ্মৰত আছিল ১৫০ জন কৰ্মচাৰী আৰু শ্ৰমিক। অগ্নিকাণ্ডৰ পিছতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে বাহন লৈ আহি উপস্থিত হয়। জুই নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰা হয় প্ৰচেষ্টা।
হিন্দুস্থান সমাচাৰ/বিনোদ/মনোজ/অৰবিন্দ
