
শিৱসাগৰ, ১৯ ছেপ্টেম্বৰ (হি.স.): নাজিৰা সমজিলা গড়আলিত যোৱা কালি বৃহস্পতিবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।নাজিৰা-গেলেকী সংযোগী পথৰ গড়আলি চাৰিআলিত এই দুৰ্ঘটনাৰ সূত্ৰপাত হয় ।দুৰ্ঘটনাটোত আহত এজন অচিনাক্ত মটৰ চাইকেল আৰোহী ।
জানিব পৰা মতে তীব্ৰবেগী এএছ ০৪ জেড ৪৫৮৮ নম্বৰৰ মটৰ চাইকেলখনে সন্মুখৰ ফালৰ পৰা অহা আন এখন বাহনত প্ৰচণ্ড জোৰেৰে খুণ্ডা মাৰে ।উক্ত বাহনখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে । আহত তথা অতি সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা যুৱকজনক লিগিৰীপুখুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।লগতে ঘটনাস্থলীত নাজিৰা আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাইকখন উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে ।ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত যুৱকজনৰ চিকিৎসালয়ত মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
