কোকৰাঝাৰ, ২২ আগষ্ট (হি.স.): সমাগত বিটিচিৰ পৰিষদীয় সমষ্টিৰ নিৰ্বাচন । বিটিচিৰ পৰিষদীয় সমষ্টিয়ে সমষ্টিয়ে চলিছে নিৰ্বাচনী গৰম বতাহ। পিছ পৰি থকা নাই দুই নং গুমা পৰিষদীয় সমষ্টি। গুমা পৰিষদীয় সমষ্টিৰ চেঁচাপানীত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া বিপিএফ দলে নিৰ্বাচনী প্ৰচাৰ চলাইছিল।
বিপিএফৰ মতে বিটিচিত কংগ্ৰেছ বোলা কোনো দল নাই, পাঁচ বছৰ মূৰত কংগ্ৰেছ দল এদিন আহে কান্দিবৰ বাবে, কংগ্ৰেছ ৰাজনৈতিক দল নহয় কংগ্ৰেছ এটা পৰিয়ালৰ কোম্পানী, গতিকে কংগ্ৰেছ দল বিটিচি কোনো প্ৰভাৱ পেলাব নোৱাৰে। এইবাৰ নিৰ্বাচনত বিপিএফ দলক ভোট প্ৰদানৰ নকৰি যদি দুই হাজাৰ টকাৰ লোভত পৰি আন দলক ভোট প্ৰদান কৰে তেন্তে জে ছি বিৰে নিজৰ ঘৰখন ভঙাৰ বাবে প্ৰস্তুত হৈ থাকিবলৈ সকীয়াই দিয়ে, কাৰণ বিপিএফ চৰকাৰ নহ’লে উচ্ছেদ হ’বই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
