নগাঁও, ০৪ ছেপ্টেম্বৰ (হি.স.)। নগাঁও জিলাৰ কলিয়াবৰ আৰক্ষীয়ে বুধবাৰে নিশা গাড়ী চোৰৰ সন্ধানত অভিযান চলায়। অভিযানত আটক এটা দুধৰ্ষ গাড়ী চোৰ। ধৃত চোৰটো বৰবালিটোপৰ বাহাৰুল ইছলাম বুলি পৰিচয় পোৱা গৈছে। কলিয়াবৰৰ মিছাৰ পৰা এখন টাটা ডিআই বাহন চুৰি কৰিছিল বাহাৰুল ইছলামসহ এটা গাড়ী চোৰৰ দলে। বুধবাৰে পুৱতি নিশা মিছাৰ ছবিৰ শ্বেখৰ ঘৰৰ সন্মুখৰ পৰা চুৰি কৰি নিছিল বাহনখন। চিচিটিভিত বন্দী হৈছিল এএছ ০২ বিচি ৪৮৬৮ নম্বৰৰ টাটা ডিআই বাহনখন চুৰি কৰাৰ সমগ্ৰ দৃশ্য।
চিচিটিভিৰ ফুটেজৰ ওপৰত ভিত্তি কৰি বুধবাৰে নিশা শিৱস্থান আৰক্ষী চকী এলেকাধীন বৰবালিটোপ অঞ্চলত চামগুৰি আৰক্ষীৰ সহযোগত অভিযান চলায় কলিয়াবৰ আৰক্ষীয়ে। অভিযানত আৰক্ষীয়ে আটক কৰে বৰবালিটোপৰ বাহাৰুল ইছলাম নামৰ গাড়ী চোৰটোক। উল্লেখ্য যে, চিচিটিভিৰ কেমেৰাত স্পষ্টৰূপত ধৰা পৰিছিল এইটো দুধৰ্ষ গাড়ী চোৰৰ লগতে আন এটা চোৰে কৌশলৰে বাহনখন চুৰি কৰাৰ দৃশ্য। আৰক্ষীয়ে চোৰটোৰ ভাতৃ আৰু পুত্ৰকো সোধপোছৰ বাবে কৰায়ত্ত কৰে। গাড়ী চুৰিত জৰিত আনটো চোৰৰ সন্ধানত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
