আবুধাবি, ১৯ ছেপ্টেম্বৰ (হি.স)। এছিয়া কাপৰ পৰা আফগানিস্তানে হতাশাজনকভাৱে বাহিৰ হোৱাৰ পিছত মুখ্য প্ৰশিক্ষক জনাথন ট্ৰটে কয় যে বিফলতাই প্ৰায়ে এটা দলক পুনৰ গোট খোৱাৰ সুযোগ দিয়ে। এইবাৰ আফগানিস্তানক শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছিল যদিও বাংলাদেশ আৰু শ্ৰীলংকাৰ হাতত একেৰাহে পৰাজয়ে আগতীয়াকৈ অভিযানৰ অন্ত পেলাইছিল।
গ্ৰুপ বিৰ অন্তিমখন খেলত শ্ৰীলংকাই আফগানিস্তানক ৬ উইকেটত পৰাস্ত কৰি ছুপাৰ ফোৰলৈ আগবাঢ়ি যায়। এই ফলাফলে বাংলাদেশৰ পথ প্ৰশস্ত কৰিলে, একে সময়তে আফগানিস্তানৰ যাত্ৰাৰ অন্ত পৰিল। মহম্মদ নবীৰ ঘূৰ্ণীবতাহৰ দৰে ২২টা বলত ৬০ ৰান সংগ্ৰহ কৰি দলটোক ১৬৯/৮লৈ লৈ যায় যদিও সেই স্ক’ৰটোও জয় নিশ্চিত কৰিবলৈ যথেষ্ট নাছিল।
মেচৰ পিছত ট্ৰটে কয়, এয়া অতি হতাশাজনক আৰু কঠিন পৰাজয়। আমি নাবিৰ ইনিংছৰ পিছত ১৭০ ৰান ভাল মুঠ বুলি ভাবিছিলো। কিন্তু শ্ৰীলংকাই , সুন্দৰভাৱে বেটিং কৰিছিল, আৰু আমাৰ বলিং আৰু ফিল্ডিঙৰ ভুলে তেওঁলোকক আৰু অধিক অগ্ৰগতি দিছিল। পাৱাৰপ্লেত আমাৰ আৰম্ভণি বেয়া আছিল, আৰু আমি বেটিং, বলিং আৰু ফিল্ডিঙত সাধাৰণ ভুল কৰিছিলো। এনে পৰিস্থিতিত জয়ী হোৱাটো কঠিন হৈ পৰে।
ট্ৰটে আৰু কয়, আমি ইয়ালৈ এটা ডাঙৰ লক্ষ্য লৈ আহিছিলো যদিও সেইটো লাভ কৰিব পৰা নাছিলো। এতিয়া আমি ক’ত দুৰ্বল হৈ পৰিলোঁ সেই বিষয়ে চিন্তা কৰিব লাগিব। অনাগত মাহত টি-২০ বিশ্বকাপ আহি থকাৰ বাবে আমি তৎক্ষণাত উন্নতি কৰিব লাগিব। আশাকৰোঁ এই ব্যৰ্থতাই আমাক শক্তিশালীভাৱে ঘূৰি অহাৰ শিক্ষা দিব।
লগতে বেগী বলাৰ নবীন উল হকৰ অনুপস্থিতি দলটোৰ বাবে এক ডাঙৰ দুৰ্বলতা বুলি উল্লেখ কৰে।
তেওঁ কয়, দুৰ্ভাগ্যজনকভাৱে নবীন আঘাতপ্ৰাপ্ত হৈছিল। যদি তেওঁ ফিট হোৱা হ’লে পৰিস্থিতি বেলেগ হ’ব পাৰিলেহেঁতেন। আমি সঠিক বলাৰ থকাৰ বাবেও কাম কৰিব লাগিব।
ইফালে শ্ৰীলংকাৰ বেটছমেন কুশল মেণ্ডিছে আফগান স্পিনাৰৰ বিৰুদ্ধে দলটোৰ কৌশলৰ ওপৰত আলোকপাত কৰে।
তেওঁ কয়, আৰম্ভণিৰ পৰাই আমি জানিছিলোঁ যে তেওঁলোকে বহুত স্পিন বল কৰিব। গতিকে কুশল পেৰেৰা আৰু মই প্ৰথম ১২ অভাৰত স্বাভাৱিকভাৱে খেলিলোঁ। পিছলৈ ৰান ৰেট বাঢ়ি গ’ল, আৰু আমি সহজেই টাৰ্গেটৰ ফালে আগবাঢ়িলোঁ। আমাৰ পৰিকল্পনা আছিল খেলখন দীঘলীয়া কৰি যেতিয়া বেগী বলাৰসকল আহিলে আমি সুযোগৰ সুবিধা ল’ম। মাজে মাজে কিছুমান ডাঙৰ শ্বট মাৰিলে, আৰু আমি লাভৱান হ’লোঁ। সঁচা কথা ক’বলৈ গ’লে আফগানিস্তানৰ ওচৰত সুন্দৰ স্পিনাৰ আছে, কিন্তু আমাৰ কৌশলে কাম কৰিলে।
हिन्दुस्थान समाचार / অৰৱিন্দ
