-এবিভিপি-এনএছইউআই আৰু এছএফআই মিত্ৰজোঁটৰ মাজত ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতা
নতুন দিল্লী, ১৯ ছেপ্টেম্বৰ (হি স)। দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ভোটগণনা শুকুৰবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হয়। বৃহস্পতিবাৰে গোটেই দিনটো চলি থকা ভোটদানৰ সামৰণি পৰে সন্ধিয়া ৭:৩০ বজাত। ছাত্ৰ একতা সভাৰ সভাপতি পদৰ বাবে ঘাই প্ৰতিদ্বন্দ্বিতাত আছে এবিভিপিৰ আৰিয়ান মান, এনএছইউআইৰ জোচেলিন নন্দিতা চৌধুৰী আৰু এছএফআই-আইএছএ মিত্ৰজোঁটৰ অঞ্জলি।
উল্লেখযোগ্য যে দিল্লী বিশ্ববিদ্যালয়ত ৫২ খন মহাবিদ্যালয় আৰু বিভাগৰ ২.৭৫ লাখৰো অধিক ছাত্ৰ ভোটাৰ আছে। এই নিৰ্বাচনত মূল চাৰিটা পদৰ বাবে মুঠ ২১জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
