শিৱসাগৰ, ২৪ ডিছেম্বৰ (হি.স.): নাজিৰাৰ গেলেকীৰ দেওপানীত এন কাউন্টাৰৰ ঘটনা সংঘটিত হৈছে। দেওবাৰৰ পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা ৷ ঘটনাৰে জড়িত পল্লৱ জ্যোতি গগৈ আৰক্ষীৰ এনকাউণ্টাৰত আহত হয়। ইফালে পল্লৱ গগৈৰ স্বীকাৰৰ ভিত্তিত অসম নাগালেণ্ড সীমান্তৱৰ্তী ঘন জংঘলৰ পৰা ২১ ৰাউণ্ড গুলী উদ্ধাৰ কৰা হৈছে ৷ গেলেকীৰ দেওপানীৰ এটা ঘন জংঘলৰ মাজত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ দহ জাই পিষ্টলৰ গুলীৰ লগতে এঘাৰ জাই একে ৪৭ ৰ সজীৱ গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে ৷
শিৱসাগৰৰ এজন শীৰ্ষ আৰক্ষী বিষয়াৰ নেতৃত্বত শিৱসাগৰ সদৰ আৰক্ষী আৰু গেলেকী আৰক্ষীয়ে চলাইছিল অভিযান ৷ জয়সাগৰস্থিত অৰ্দ্ধ সামৰিক বাহিনীৰ চাউনিৰ সমিপত কিছু দিনৰ পূৰ্বে আলফা স্বাধীনে সংঘটিত কৰা বোমা বিষ্ফোৰণৰ সংক্ৰান্তত আটক কৰিছিল গগৈক ৷ কোঁৱৰপুৰ মৌজাৰ বিক্ৰম পুৰৰ পল্লৱ জ্যোতি গগৈ(২৭)আটক কৰিছিল শিৱসাগৰ আৰক্ষীয়ে ৷ পুৱতিনিশা গেলেকীৰ দেওপানীৰ অভিযানৰ সময়ত আৰক্ষীবাহিনীৰ জোৱানক গটা মাৰি পলাবলৈ চেষ্টা কৰা সময়ত আৰক্ষীয়ে সো ভৰিত গুলীয়াই আহত কৰে পল্লব গগৈক ৷ প্ৰথমে গেলেকী চিকিৎসা লয়লৈ আনে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় পল্লৱ গগৈক ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
