গুৱাহাটী,০২ ছেপ্তেম্বৰ(হি.স.)। জিএমচিএইছ ৰ ৩ দিনীয়া নৱজাতক মৃত্যুৰ ঘটনা। অৱশেষত তিনিজনীয়া কমিটীয়ে প্ৰদান কৰা প্ৰতিবেদনৰ ভিত্তিত কঠোৰ ব্যৱস্থা ল’লে গুৱাহাটী চিকিতসা মহাবিদ্য়ালয়(জিএমচিএইছ) কৰ্তৃপক্ষই। তদন্ত কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত চিকিৎসক-নাৰ্ছসহ মুঠ ৭ গৰাকী স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে জিএমচিএইছ কৰ্তৃপক্ষই। চিকিৎসক অনুপমা ডেকাক নিলম্বন, সহযোগী অধ্যাপক ডাঃ দীপাংকৰ হাজৰিকাক নিলম্বন কৰা হৈছে। নাৰ্ছ ইনচাৰ্জ গোমতি দেৱীক নিলম্বন, ষ্টাফ নাৰ্ছ চন্দনা নাথকো নিলম্বন, আইচিইউ টেকনিচিয়ান ঈশানজ্যোতি তালুকদাৰকো নিলম্বন কৰা হৈছে।
আনফালে ঘটনাৰ দিনা দায়িত্বত থকা দুই অভিযুক্ত চিকিৎসকক ৬ মাহৰ বাবে বহিষ্কাৰ কৰা হৈছে। ডাঃ হৃষিকেশ ঠাকুৰীয়া আৰু ডাঃ পূজা শইকীয়াক ছমাহৰ বাবে বহিষ্কাৰ কৰা হৈছে। দুয়ো গৰাকী চিকিৎসকে কৰ্তব্যত গাফিলতি কৰিছিল। ঘটনাৰ তদন্তকো বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছিল চিকিতসক দুগৰাকী। চিকিৎসালয়ৰ তথ্য সলনি কৰাৰো চেষ্টা কৰিছিল ডাঃ হৃষিকেশ ঠাকুৰীয়া আৰু ডাঃ পূজা শইকীয়াই। ডাঃ হৃষিকেশ ঠাকুৰীয়া পিজি দ্বিতীয় বৰ্ষৰ ট্ৰেইনী আৰু ডাঃ পূজা শইকীয়া পিজি প্ৰথম বৰ্ষৰ ট্ৰেইনী।
উল্লেখ্য যে বিগত ১৮ আগষ্টত জিএমচিএইছ ত সংঘটিত হৈছিল ৰাজ্য কঁপাই যোৱা গাৰ নোম শিয়ৰি উঠা ঘটনা। ১৮ আগষ্টৰ পুৱাই জিএমচিএইছ ৰ এনআইচিইউত বিছনাৰ পৰা পৰি নিহত হৈছিল এটি কন্যা নৱজাতকৰ। ১৫ আগষ্টত ভুমিষ্ঠ হোৱা নৱজাতকটো, কিন্তু পৃথিৱীৰ পোহৰ দেখাৰ মাত্ৰ ৩দিন পিছতে কৰুণ মৃত্যুক আঁকোৱালি লৈছিল ।
তদন্ত কমিটিৰ প্ৰতিবেদন অনুসৰি ইনফেকচন হোৱাৰ বাবে এনআইচিইউত ত ভৰ্তি কৰিছিল নৱজাতকটোক। ইনফেকচনৰ পাছত জণ্ডিচত আক্ৰান্ত হৈছিল নৱজাতকটি। ফটো থেৰাপি দিয়া হৈছিল নৱজাতকটোক আৰু উক্ত ফটো থেৰাপি মেচিনৰ সৈতে ওলমি ৰৈছিল নৱজাতকটো। অভিযোগ অনুসৰি এনআইচিইউত একেখন বিছনাতে ৰাখিছিল ৪ টা নৱজাতক। ৰচীত লাগি ওলমি ৰয় আন এটি নৱজাতক।
এই ঘটনাৰ পিছতে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে ৩ জনীয় তদন্ত কমিটী গঠন কৰিছিল জিএমচিএইছ কৰ্তৃপক্ষই। ২৮ আগষ্টত তদন্ত কমিটীয়ে প্ৰতিবেদন দাখিল কৰিছিল মুখ্য সচিবক।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ
