
ধেমাজি, ২০ ডিচেম্বৰ (হি.স.): ধেমাজি জিলাৰ জোনাইৰ চন্দ্ৰপুৰ স্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি শুকুৰবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুখন ডাম্পাৰৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।
ডাম্পাৰ দুখনৰ চালক দুগৰাকী প্ৰায় এঘন্টা সময় ধৰি চালকৰ চিটত চেপা খাই আৱদ্ধ হৈ আছিল। জেচিবি আৰু কেৰিং গাড়ীৰে প্ৰায় এঘন্টা সময় ধৰি উদ্ধাৰ অভিযান চলোৱাৰ পিছতে দুয়োগৰাকীক কোনোমতে জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। দুয়োগৰাকীকে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ডাম্পাৰ দুখনৰ এখন চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামত ব্যৱহৃত আৰু আন এখন ৰেলৱে বিভাগৰ নিৰ্মাণৰত কামত ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে।গুৰুতৰ ভাৱে আহত চালক গৰাকীৰ এজন গোগামুখ মহৰিকেম্পৰ দেৱজিৎ সুত্ৰধৰ আৰু আনগৰাকী আলি উপাধিৰ শিলচৰৰ বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
