কামৰূপ, ২২ জানুৱাৰী (হি স)। শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ আগন্তুক ৯৩ সংখ্যাক কেন্দ্ৰীয় অধিবেশন ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰীত ৰঙিয়াৰ মৰাণজানাত অনুষ্ঠিত হব। এই উপলক্ষে বিভিন্ন প্ৰান্তৰ শ শ লোকে প্ৰতিদিনে অধিবেশন স্থলীত শ্ৰম দান কৰিছে। অসমৰ বিভিন্ন জিলাৰ ভকত বৈষ্ণৱ আহি এই অধিৱেশনৰ বাবে শ্ৰম দান দিছে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে শ্ৰমদান কৰিছে অধিবেশন স্থলীত ।
ইফালে চুবুৰীয়া গাঁৱৰ পুৰুষ মহিলা সকল ওলাই আহি অধিবেশন স্থলীত শ্ৰমদান কৰিছে । ৰঙিয়াৰ বৰশিল জামে মছজিদ, বৰশিল ৰাজহুৱা নামঘৰ সমিতি আৰু বাসুদেৱ বামুন গাঁও নামঘৰ সমিতিৰ লোকসকল আহি অধিবেশন খনি সাফল্যৰ বাবে নামি পৰিছে । সকলোৱে কাম কৰিছে একেলগে গ্ৰহণ কৰিছে সমুহীয়া ভোগ । এনে সম্প্ৰীতিৰ নিদৰ্শনে এক অন্য মাত্ৰা প্ৰদান কৰিছে অধিবেশন স্থলী ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
