ধুবুৰী, ০৩ জুলাই (হি.স.)। বৰ্তমান ৰাজ্যজুৰি পৰিবহণ আৰু বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা অব্যাহত থকাৰ মাজতে ধুবুৰী জিলাত বৃহস্পতিবাৰে পুৱা আৰক্ষীৰ এক অভিযানত প্ৰায় ২০ কিলোগ্ৰাম নিষিদ্ধ গো-মাংস জব্দ কৰা হয় । ইয়াৰ লগতে এজন লোকক গ্ৰেপ্তাৰ কৰিব সক্ষম হয় ।
গোলকগঞ্জ আৰক্ষী চকীৰ এটা দলে ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত এক গোপন সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলায়। আৰক্ষীৰ অভিযানকাৰী দলটোৱে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে বিৰাটনগৰ চাৰিআলিৰ সমীপত গৌৰীপুৰ অভিমুখে গৈ থকা এখন নম্বৰ প্লেট নথকা সন্দেহজনক দুচকীয়া বাহন আটক কৰে।
আৰক্ষীক দেখি বাহন খনৰ আৰোহী গৰাকী পলায়নৰ চেষ্টা কৰে যদিও গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয়। চালকজনে পলায়ন কৰিবলৈ সক্ষম হোৱাৰ সময়তে পশ্চিম বংগৰ বক্ষিৰহাট থানাৰ অন্তৰ্গত মানছাইৰ নিবাসী আজিজুৰ ৰহমান নামৰ এজন ব্যক্তিক সেই স্থানৰ পৰাই আটক কৰে আৰক্ষীয়ে।
বাহন খনত তালাচী চলোৱাত আৰক্ষীৰ দলটোৱে বাহন খনৰ ভিতৰত লুকুৱাই থোৱা প্ৰায় ২০ কেজি গৰুৰ মাংস উদ্ধাৰ কৰে। ৰাজ্যৰ আইন অনুসৰি নিষিদ্ধ কৰা মাংসখিনি স্কুটিৰ সৈতে জব্দ কৰে। আৰক্ষীয়ে সন্দেহ কৰিছে যে জব্দ হোৱা গৰুৰ মাংস খিনি পশ্চিমবংগ আৰু অসমৰ মাজত অব্য়াহত থকা বিশাল পৰিসৰৰ চোৰাং ব্য়ৱসায়ৰ এটা অংশ আছিল।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ
