নগাঁও, ২৭ ডিচেম্বৰ (হি.স.): নগাঁও জিলাৰ ৰহাত যোৱা কালি শুকুৰবাৰে নিশা উদ্ধাৰ কৰা হয় বটদ্ৰৱাৰ পৰা চুৰি হোৱা ঔষধ ভৰ্তি ট্ৰাক এখন । বৃহস্পতিবাৰে নিশা বটদ্ৰৱাৰ এটা পেট্ৰ’ল পাম্পৰ পৰা চুৰি হৈছিল বাহনখন।
ৰহা আৰু ধৰমটুল আৰক্ষীৰ সহযোগত ৰহাৰ দিঘলীআটিত উদ্ধাৰ হয় বাহনখন। উদ্ধাৰ কৰা ট্ৰাকখনৰ নম্বৰ ইউপি ২৫ এটি ৯৪৩০ বুলি জানিব পৰা গৈছে। । জানিব পৰা মতে, বটদ্ৰৱাৰ এটা পেট্ৰ’ল পাম্পত গাড়ী ৰাখি চালক টোপনি গৈ থকা অৱস্থাতে ট্ৰাকখন লৈ উধাও হৈছিল হেণ্ডিমেন । ট্ৰাকসহ আৰক্ষীয়ে আটক কৰিছে হেণ্ডিমেনক। এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্য়াহত আছে। সবিশেষ তথ্য বটদ্ৰৱা আৰক্ষীৰ অনুসন্ধানৰ পিছতহে পোহৰলৈ আহিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
