– স্পেইনৰ জামোৰা চহৰত এই দুৰ্ঘটনাত ডিঅ’গো জোটাৰ ভাতৃ আন্দ্ৰে ছিলভাৰো মৃত্যু হয়
নতুন দিল্লী, ০৩ জুলাই (হি.স.)। ফুটবল জগতৰ পৰা আহিছে এক অতি দুখৰ খবৰ। লিভাৰপুল আৰু পৰ্তুগালৰ তাৰকা ফৰৱাৰ্ড ডিঅ’গো জোটাৰ ২৮ বছৰ বয়সত পথ দুৰ্ঘটনাত মৃত্যু হয়। বৃহস্পতিবাৰে পুৱা স্পেইনৰ জামোৰা চহৰত সংঘটিত এই দুৰ্ঘটনাটোত তেওঁৰ কনিষ্ঠ ভাতৃ আন্দ্ৰে ছিলভাৰো মৃত্যু হয়।
পৰ্তুগীজ ফুটবল ফেডাৰেচনে এক বিবৃতিত এই মৰ্মান্তিক কাণ্ড নিশ্চিত কৰি কয় যে, পৰ্তুগীজ ফুটবল ফেডাৰেচন আৰু সমগ্ৰ পৰ্তুগীজ ফুটবল সম্প্ৰদায়ে ডিঅ’গো জোটা আৰু তেওঁৰ ভাতৃ আন্দ্ৰে ছিলভাৰ মৃত্যুত গভীৰভাৱে স্তম্ভিত হৈ পৰিছে। আমি ইউএফএক অনুৰোধ কৰিছো যে বৃহস্পতিবাৰে মহিলা ইউৰোপীয় চেম্পিয়নশ্বিপত স্পেইনৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে এক মিনিট মৌনতা অৱলম্বন কৰক। স্পেইনৰ খবৰ অনুসৰি এ-৫২ ঘাইপথৰ পালাচিঅ’ছ ডি ছানাব্ৰিয়াৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনা। দুয়ো ভাতৃৰ গাড়ীত জুই লাগি হাবিত বিয়পি পৰে। ডিঅ’গো জোটাৰ বয়স আছিল ২৮ বছৰ আৰু তেওঁৰ ভাতৃ আন্দ্ৰেৰ বয়স আছিল ২৬ বছৰ।
ডিঅ’গো জোটাৰ জন্ম হৈছিল পৰ্টোত। পাকোছ ডি ফেৰেইৰাৰ যুৱ ক্লাবত কেৰিয়াৰ আৰম্ভ কৰে আৰু তাৰ পিছত ২০১৬ চনত এটলেটিকো মাদ্ৰিদত যোগদান কৰে। ইয়াৰ পিছত তেওঁ পৰ্টো আৰু উলভাৰহামপটন ৱাণ্ডাৰাৰছতো খেলে। কিন্তু তেওঁ লিভাৰপুলত সৰ্বাধিক স্বীকৃতি লাভ কৰিছিল, য’ত তেওঁ মেনেজাৰ জাৰ্গেন ক্লপৰ নেতৃত্বত এফ এ কাপ আৰু লীগ কাপ জয় কৰিছিল, আৰু মেনেজাৰ আৰ্নে স্লটৰ নিৰ্দেশনাত ২০২৪/২৫ প্ৰিমিয়াৰ লীগৰ খিতাপ লাভ কৰিছিল।
২০১৯ আৰু ২০২৫ চনৰ ইউএফএ নেচনছ লীগ জয় কৰা পৰ্তুগালৰ জাতীয় দলৰ অংশ আছিল তেওঁ। তেওঁৰ ভাতৃ আন্দ্ৰে ছিলভা (২৬) এজন পেছাদাৰী ফুটবলাৰো আছিল আৰু তেওঁ পৰ্তুগালৰ দ্বিতীয় বিভাগৰ দল পেনাফিয়ালৰ হৈ খেলিছিল।
এফ চি পৰ্টোৱে শোক প্ৰকাশ কৰি লিখিছে, এফ চি পৰ্টো শোকত ভাগি পৰিছে। ডিঅ’গো জোটা আৰু তেওঁৰ ভাতৃ আন্দ্ৰে ছিলভাৰ কৰুণ মৃত্যুৰ খবৰ পাই আমি স্তম্ভিত আৰু অত্যন্ত দুখী। তেওঁলোকৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ প্ৰতি আমাৰ গভীৰ শোক আৰু সমবেদনা ব্যক্ত কৰিছো। তেওঁলোকৰ আত্মাই শান্তি লাভ কৰক। পত্নী আৰু তিনিটা সন্তানক এৰি থৈ গৈছে ডিঅ’গো জোটাই।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
