দক্ষিণ শালমাৰা মানকাচৰ ১০ নৱেম্বৰ (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত হাটশিঙিমাৰী মহামায়া নগৰত আজি কংগ্ৰেছ দলৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে প্ৰতি মাহৰ ১০ তাৰিখত কংগ্ৰেছ দলে যোগদান কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ পৰিপ্ৰেক্ষিতত আজি যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।
আজিৰ এই যোগদান কাৰ্যসূচীত বিভিন্ন দলৰ পৰা তিনি শতাধিক ব্যক্তিয়ে কংগ্ৰেছ দলত যোগদান কৰে। আজিৰ এই যোগদান কাৰ্যসূচীত মূখ্য ভূমিকা গ্ৰহণ কৰে কংগ্ৰেছ দলৰ যুৱ নেতা মহিবুৰ ৰহমান বাপ্পীয়ে। হাটশিঙিমাৰীৰ মহামায়া নগৰত অৱস্থিত ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ এই কাৰ্যসূচীত বিভিন্ন পৰ্যায়ৰ কংগ্ৰেছ দলৰ নেতা কৰ্মী সকলে উপস্থিত থাকে। আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলক শক্তিশালী কৰিবলৈ এনেকুৱা পদক্ষেপ গ্ৰহণ কৰিছে বুলি কংগ্ৰেছ দলৰ যুৱ নেতা মহিবুৰ ৰহমান বাপ্পীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
