নগাঁও, ০৭ জুলাই (হি.স.): নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত ৰৌমাৰী গাঁৱৰ এজন বৃদ্ধা নিৰুদ্দেশ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।যোৱা শুক্ৰবাৰে বিয়লি ৫ মান বজাত ঘৰৰ পৰা ওলাই যোৱাৰ পিছত এতিয়ালৈ ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে। বহুত বিচাৰ-খোচাৰ কৰাৰ পিছতো বৃদ্ধাজনৰ কোনো সন্ধান নাপাই পৰিয়ালৰ লোকে । অৱশেষত কাষ চাপে সংবাদ মাধ্যমৰ ।
পৰিয়ালৰ লোকে জানিব দিয়া মতে, বৃদ্ধাজনৰ নাম মিঞাবক্স, বয়স ৬৩ বছৰ। তেখেত মানসিক বাবে বিকাৰগ্ৰস্ত হোৱা বুলিও জানিব দিয়ে পৰিয়ালৰ লোকে । বৃদ্ধা জনৰ নিৰুদ্দেশ সম্পৰ্কে ইতিমধ্যে আহোমগাওঁ আৰক্ষী পহৰা চকীত এখনি জাননী দাখিল কৰিছে বুলি জানিব দিয়ে । যদি কোনো সদাশয় ব্যক্তিয়ে বৃদ্ধা লোকজনক দেখা পায় বা সন্ধান পায় তেনেহলে 9707192211 উক্ত নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
