
বঙাইগাঁও, ২৩ ডিছেম্বৰ (হি.স.)। বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষীয়ে নিশা ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ শিমলাবাৰীত নাকা তালাচীৰ নামত ভেকোভাওনা চলোৱাৰ অভিযোগ উঠিছে। তালাচীৰ নামত বাইক আৰোহীক মূৰত কোবাই আহত কৰিলে মেৰেৰচৰ আৰক্ষীয়ে।
পাছত তিনি বাইক আৰোহীক ততাতৈয়াকৈ চিকিৎসালয় প্ৰেৰণ কৰা হয়। ঘটনাৰ তদন্ত বিচাৰি দোষী আৰক্ষীক কঠোৰ শাস্তি দিবলৈ ৰাইজে দাবী তুলিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ
