শোণিতপুৰ, ২৩ আগষ্ট (হি.স.)। অসম গ্ৰামীণ বিকাশ বেংক বিষয়া সন্থা (AGVBOA) আৰু অসম গ্ৰামীণ বিকাশ বেংক কৰ্মচাৰী সন্থাৰ (AGVBEA) যৌথ উদ্যোগত আজি ২০২৫ চনৰ ২৩ আগষ্টত, অসমৰ তেজপুৰৰ গ্ৰীণ উড হোটেলত মহিলা অধিৱেশন অনুষ্ঠিত হয়। এই সন্মিলনৰ লক্ষ্য হৈছে এজিভিবিঅ’এ আৰু এজিভিবিইএৰ মহিলা সদস্যসকলক ট্ৰেড ইউনিয়ন আন্দোলনত সক্ৰিয়ভাৱে জড়িত হ’ব পৰাকৈ শক্তিশালী আৰু এক মঞ্চ সৃষ্টি কৰা।
অধিৱেশনখন উদ্বোধন কৰে তেজপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুতা কৰবী শইকীয়া কৰণে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ ভাৰত আঞ্চলিক গ্ৰামীণ বেঙ্ক কৰ্মচাৰী সন্থাৰ (AIRRBEA) মহিলা উপ-সমিতিৰ অধ্যক্ষা কম লালংগাইহামী পাচুৱাউ আৰু বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে সদৌ ভাৰত আঞ্চলিক গ্ৰামীণ বেঙ্ক কৰ্মচাৰী সন্থাৰ মহিলা উপ-সমিতিৰ আহ্বায়িকা কম এন মীনা। অসম গ্ৰামীণ বিকাশ বেংকৰ মহিলা বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে ।
এই অধিৱেশনত মুখ্য বিষয় যেনে- ভাৰতৰ মহিলাৰ অৱস্থা – কৰ্মক্ষেত্ৰত মহিলাৰ সুৰক্ষা আৰু নিৰাপত্তা – আঞ্চলিক গ্ৰামীণ বেঙ্কৰ কৰ্মচাৰীৰ সন্মুখত প্ৰত্যাহ্বান – ভৱিষ্যতৰ কাৰ্য্যপন্থা নিৰ্ধাৰণ কৰা। এই সন্মিলনৰ প্ৰধান উদ্দেশ্য হৈছে এজিভিবিঅ’এ আৰু এজিভিবিইএৰ মহিলা সদস্যসকলক ট্ৰেড ইউনিয়ন আন্দোলনত সক্ৰিয়ভাৱে জড়িত হ’ব পৰাকৈ এক মঞ্চ সংগঠিত, সৱলীকৰণ আৰু সৃষ্টি কৰা। এজিভিবিঅ’এৰ সাধাৰণ সম্পাদক নুপুৰ বৰা আৰু এজিভিবিইএৰ সাধাৰণ সম্পাদক সমিৰণ মেধিয়ে এক বিবৃতিত এয়া সদৰি কৰে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ
