

তামুলপুৰ, ১৬ ছেপ্তেম্বৰ (হি.স.)। আজি বৰনগৰস্থিত তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সমাগত বিটিচি নিৰ্বাচনৰ বাবে তামুলপুৰ জিলাৰ নাগ্ৰীজুলি, শুক্লাই ছেৰফাং আৰু দৰঙাজুলি পৰিষদীয় সমষ্টিৰ প’লিং বিষয়া আৰু প্ৰিজাইডিং বিষয়া সকলৰ দলীয়ভাৱে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। আগবেলা নাগ্ৰীজুলি আৰু শুক্লাই ছেৰফাং সমষ্টিৰ বিষয়া সকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ বিপৰীতে পিছবেলা দৰঙাজুলি সমষ্টিৰ বিষয়া সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়।
আজিৰ প্ৰশিক্ষণত ১ম, ২য় আৰু ৩য় প’লিং বিষয়া সকলে নিজৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰিজাইডিং বিষয়া সকলৰ সৈতে মিলিত হৈ প্ৰশিক্ষণ গ্ৰহণ কৰে। তেওঁলোকক প্ৰশিক্ষক সকলে বেলট বক্স খোলা আৰু বন্ধ কৰাৰে পৰা আৰম্ভ কৰি নিৰ্বাচনত প্ৰতিগৰাকী বিষয়াৰ নিজৰ নিজৰ দায়িত্ব সমূহৰ সামগ্ৰিকভাৱে আলোচনা কৰা হয়।
আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তীয়ে নিৰ্বাচনী কৰ্তব্যত উপস্থিত হোৱাৰ সময়, যান-বাহনৰ পাৰ্কিং তথা যাতায়াত ব্যৱস্থা আদি সন্দৰ্ভত বিতংকৈ ব্যাখ্যা আগবঢ়াই নিৰ্বাচনটো সুস্থ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ সকলোকে আহ্বান জনায়। উল্লেখ্য যে কাইলৈ একে ঠাইতে গয়বাৰী আৰু গোৰেশ্বৰ সমষ্টিৰ প’লিং আৰু প্ৰিজাইডিং বিষয়া সকলৰ দলীয়ভাৱে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হ’ব। আনহাতে নিৰ্বাচনত নিযুক্ত একাংশ বিষয়া-কৰ্মচাৰীয়ে আজি পোষ্টেল বেলটযোগে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। যিকলে আজি পোষ্টেল বেলটযোগে ভোটদান কৰা নাই, তেওঁলোকে কাইলৈও এই সুবিধা লাভ কৰিব পাৰিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
