
নগাঁও, ০৪ জুলাই (হি.স.)। নগাঁও জিলাৰ কলিয়াবৰৰ বাঘৰচুকত ৰহস্যজনক ভাবে যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । নিশা এঘৰৰ চৌহদৰ কাষত পৰি থকা অৱস্থাত উদ্ধাৰ হয় মিণ্টু বৰা নামৰ যুৱকজনৰ মৃতদেহ।
মিণ্টু বৰাৰ ঘৰ কলিয়াবৰৰ বালিটিকা গাঁৱত। দিপালী বৰা নামৰ মহিলাগৰাকীৰ চোতালত থকা এটি গাঁতত পৰি থকা অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহটো। মৃতদেহটোৰ কাষতে উদ্ধাৰ হয় যুৱকজনৰ এ এছ ১২ এল ১৮৬৭ নম্বৰৰ বাইকখন। ঘটনাস্থলীত শিলঘাট আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ যুৱকজনক জখলাবন্ধাস্থিত মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
অভিযোগ অনুসৰি বাঘৰচুকৰ উক্ত স্থানত দীৰ্ঘদিন ধৰি মদৰ ৰমৰমীয়া বেহা চলাৰ লগতে অনৈতিক কাৰ্যকলাপ চলি আছে । পৰিয়ালৰ সন্দেহ কোনো লোকে হত্যা কৰিছে মিণ্টু বৰাক। আন একাংশৰ মতে এয়া দুৰ্ঘটনা। মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ পিছতে পোহৰলৈ আহিব মৃত্যুৰ প্ৰকৃত কাৰণ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
