কাছাৰ, ১৬ জুলাই (হি.স.): বদৰপুৰ-জুৱাইৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰাক নদীৰ ওপৰত থকা গামন দলংখন ৫৫ দিন বন্ধ থকাৰ পিছত, অবশেষত মঙলবাৰ বিয়লি মুক’লি কৰি দিয়া হৈ দলংখন। বিকল হোৱাৰ ফলত বন্ধ আছিল দলংখন।
দলংখন বন্ধ হোবাৰ পিছত বৰাক’ৰ লগতে উত্তৰ পূর্বাঞ্চল ৰাজ্যেৰ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰে। নাওৰ যুগত যাতায়াত কৰিবলগীয়া হৈছিল যাত্ৰীসকলে। আৰু বহু অপেক্ষাৰ অন্তত মেৰামতিৰ কাম সম্পূৰ্ণ হৈ উঠে দলঙখনৰ। মঙলবাৰে মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু মন্ত্ৰী কৌশিক ৰায়ে ফিতা কাটি দলংখন উদ্বোধন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
