–মোদীয়ে লক্ষাধিক লোকক কৰিব সম্বোধন
গোলাঘাট, ০৮ ছেপ্টেম্বৰ (হি.স.): অসম আন্দোলনৰ ফচল নুমলীগড় শোধনাগাৰত নতুনকৈ সংযোজিত হৈছে– বিশ্বৰ প্ৰথমটো বাঁহ ভিত্তিক ২জি জৈৱ ইথানল প্ৰকল্প। ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰি উদ্বোধনৰ বাবে সাজু কৰি তোলা হৈছে। অহা ১৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰি দেশৰ নামত কৰিব উচৰ্গা। ইয়াকে লৈ এতিয়া নুমলীগড়ত দেখা গৈছে ব্যাপক উছাহ।
দিন-ৰাতি একাকাৰ কৰি চলাইছে প্ৰস্তুতি। লেটেকুজান খেলপথাৰত নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপেড, লেটেকুজান চাহ বাগিচাৰ মাজেৰে নিৰ্মাণ কৰা হৈছে এটি নতুন পথ। তদুপৰি, নুমলীগড় শোধনাগাৰৰ টেংকাৰ পাৰ্কিঙত নিৰ্মাণ কৰা হৈছে বিশাল পেণ্ডেল। এই পেণ্ডেলতে প্ৰধানমন্ত্ৰী মোদীয়ে লক্ষাধিক লোকক সম্বোধন কৰিব ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
