গুৱাহাটী, ২৯ নৱেম্বৰ(হি.স.)। গুৱাহাটী মহানগৰীৰ হেঙৰাবাৰী অঞ্চলৰ এটা ঘৰত শনিবাৰে বিয়লি সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত এগৰাকী অশিতীপৰ বৃদ্ধ জ্যোষ্ঠ নাগৰিক নিহত হয়। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই।
অগ্নিকাণ্ডটো ইমান ক্ষিপ্ৰতাৰে ঘৰৰ চৌহদটো আগুৰি ধৰে যে অগ্নি নিৰ্বাপক বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ পূৰ্বে ঘৰৰ চৌহদটোত থকা দুখন মটৰ চাইকেল আৰু এখন চাৰিচকীয়া বাহন সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়। ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী(এছডিআৰএফ) আৰু স্থানীয় লোকৰ এটা দলে ঘটনাস্থলীত উপস্থিত হয় যদিও বৃদ্ধ ব্যক্তিজনক বচাব নোৱাৰিলে।
দিছপুৰ আৰক্ষী থানাই সংবাদ মাধ্যমক জানিব দিয়া অনুসৰি, উক্ত ঘটনাত প্ৰায় এক লাখ টকাৰ ঘৰুৱা সামগ্ৰী ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত নিহত ব্যক্তি গৰাকীক ধৰ্মেশ্বৰ বনিয়া(৯৮) বুলি চিনাক্ত কৰা হৈছে। উক্ত শোকাৱহ দুৰ্ঘটনাৰ সময়ত তেওঁ কন্যাৰ ঘৰত আছিল। অগ্নিকাণ্ডৰ সঠিক কাৰণ নিৰ্ধাৰণ কৰিবলৈ আৰক্ষীৰ অনুসন্ধান আৰম্ভ হৈছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ
