
শিৱসাগৰ, ০৩ জুলাই (হি.স.): ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাহনলৈ কংগ্ৰেছ কৰ্মীয়ে পানী বটল নিক্ষেপ কৰা ঘটনা মাৰ নৌ যাওঁতে শিমলুগুৰিৰ ৰমণী গাঁও পঞ্চায়তত যোৱাকালি বুধবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ নাজিৰা সমষ্টিৰ ৰমণী গাঁও পঞ্চায়তত কংগ্ৰেছ আৰু বিজেপি সংঘাতৰ সৃষ্টি হয় । পঞ্চায়তৰ সভাপতি নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছৰ নেতা পিংকু মহনে বিজেপিৰ মহিলা নেত্ৰী মণদীপা গগৈক অশালীন ব্যৱহাৰ কৰে ।
ঊল্লেখ্য যে কংগ্ৰেছ কৰ্মীৰ এনে কাণ্ডই চিন্তিত কৰিছে । কিয়নো কংগ্ৰেছ দল ক্ষমতালৈ নৈ আহোতেই এইদৰে কংগ্ৰেছ কৰ্মীয়ে মহিলাক অপমান কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰীয়া সৃষ্টি কৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
