শোণিতপুৰ, ১৫ নৱেম্বৰ (হি.স.)। তেজপুৰত বনৰীয়া হাতীৰ জাকে নষ্ট কৰিছে কৃষক ৰাইজৰ হাজাৰ হাজাৰ বিঘা ধাননী পথাৰ। ইয়াৰ একমাত্ৰ কাৰণ হিচাপে বিবেচিত হৈছে ডিপোটা ন-আলিৰ হাতীৰ অহা-যোৱা পথ অৱৰোধ।
তেজপুৰৰ ডিপোটা ন-আলিৰ হাতী অহা-যোৱা কৰা পথত গঢ় লৈ উঠা বৃহৎ বৃহৎ ব্যৱসায় প্ৰতিষ্ঠান, ফেক্টৰীয়ে এতিয়া অমানিশা নমাই আনিছে ডিপোটা পক্ষীয়াঝাৰ বাসী কৃষক ৰাইজৰ। এলিফেণ্ট কৰিডৰত বাধাপ্ৰাপ্ত হৈ বনৰীয়া হাতীৰ শ শ জাক পথভ্ৰষ্ট হৈ কৃষক ৰাইজৰ খেতি-বাতি নহিলং কৰিছে।এমুঠি অন্নৰ কাৰণে কৃষক ৰাইজে হাহাকাৰ কৰিব যে লাগিব সেয়া প্ৰায় নিশ্চিত হৈছে।
এয়া চাওক বনৰীয়া হাতীৰ উপদ্ৰৱ। সোণোৱালী ধাননী পথাৰৰ মাজেৰে বৃহৎ হাতীৰ জাকৰ বিচৰণ। শিল বালিৰ মাফিয়া চিণ্ডিকেতৰ লগত ব্যস্ত থকা একাংশ বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে এনেদৰে কৃষক ৰাইজক দুৰ্যোগৰ মাজলৈ ঠেলি দি গভীৰ নিন্দ্ৰাত মগ্ন। নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু আৰিমৰা চাপৰি মাজৰ এই ডিপোটা ন-আলিৰ হাতীৰ অহা-যোৱা পথটো আৱদ্ধ হৈ পৰাৰ ফলতেই বনৰীয়া হাতীৰ উপদ্ৰৱ জিয়াটো ভোগাইছে কৃষক ৰাইজক।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
