তিনিচুকিয়া, ২৬ আগষ্ট (হি.স.)। ডিগবৈ শোধানাগাৰৰ মুখ্য প্ৰশাসনিক ভৱনৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (এজেৱাইচিপি)ৰ ৩ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,ডিগবৈ আঞ্চলিক সমিতিয়ে বিভিন্ন দাবী উত্থাপন কৰি আজি তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।
ডিগবৈ আই. অ. চি. চিকিৎসালয় খনত সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক নিযুক্তি দি উন্নত মানদণ্ডৰ চিকিৎসা ব্যৱস্থা প্রদান কৰা, ডিগবৈ শোধনাগাৰত স্থানীয় নিবনুৱাক কৰ্ম সংস্থাপন কৰা,খোৱা পানীৰ সু-ব্যৱস্থা, বিকল ষ্ট্ৰিট লাইট থিক কৰা, এ অ’ ডি আৱাসিক অঞ্চলৰ পথ সমূহ মেৰামতি কৰি যাতায়তৰ সুচল ব্যৱস্থা কৰা, অ.চি. চিকিৎসালয় খনত বিলৰ অনলাইন ব্যৱস্থা বন্ধ কৰা আৰু ডিগবৈ শোধনাগাৰত দুই কোটি টকা পৰ্য্যন্ত নিবিদা স্থানীয় ঠিকাদাৰৰ বাবে সংৰক্ষণ কৰা দাবী জনায় তিনি ঘণ্টা সময় অৱস্থান ধৰ্মঘট পালন কৰে।
ধৰ্মঘটৰ মাজতে শোধনাগাৰ কতৃপক্ষৰ উচ্চ পদস্থ বিষয়া আহি পৰিষদৰ নেতৃত্ববৃন্দৰ সৈতে আলোচনা কৰি স্মাৰক পত্ৰ গ্ৰহণ কৰি আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
