ধুবুৰী, ২৭ ডিচেম্বৰ (হি.স.)। বিলাসীপাৰাত ৰে”ল লাইনৰ কাষত এটা মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। চিৰাকুটা বেতবাৰী অঞ্চলত ৰে”ল লাইনৰ কাষত উদ্ধাৰ হয় মৃতদেহটো।
স্থানীয় একাংশ লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে ৰেল আৰক্ষীক খবৰ দিয়ে। ঘটনাৰ খবৰ লাভ কৰি শালকোচা আৰক্ষী আৰু ৰেল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। মৃতদেহটো চিৰাকুটা ১ম খণ্ড গাঁৱৰ তমেজ উদ্দিন সেইখ নামৰ লোকজনৰ বুলি চিনাক্ত কৰা হয়।
কোনোবা দুৰ্বৃত্তই লোকজনক হত্যা কৰি ৰে”ল পথৰ কাষত পেলাই দিয়াৰ সন্দেহ স্থানীয় ৰাইজ তথা পৰিয়ালৰ লোকৰ। অৱশ্যে আৰক্ষীৰ তদন্ততহে এয়া পোহৰলৈ আহিব যে এয়া এক হত্যাকাণ্ড নে দুৰ্ঘটনা। ইফালে এই ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
