
ধুবুৰী, ০৮ জুলাই (হি.স.)। চাপৰৰ মোৱাটাৰীস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী আল্ট্ৰা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়াই দিয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা দলংৰ ৰেলিংত। ফলত বাছখনৰ সম্মুখভাগৰ বিস্তৰ ক্ষয়-ক্ষতি হয়। সৌভাগ্য ক্ৰমে কোনো যাত্ৰী গুৰুতৰভাৱে আহত নহয় যদিও বাছখনত থকা ৩৫ গৰাকী যাত্ৰীৰ একাংশ কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে।
বাছখন গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে আহি থকা অৱস্থাত পতিত হয় দুৰ্ঘটনাত। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী। দুৰ্ঘটনাগ্ৰস্থ বাছখনৰ নম্বৰ এএছ ০১ এছচি ৯৭৯৯।
হিন্দুস্থান সমাচাৰ / Narayan Kar
