মুম্বাই, ১৫ নৱেম্বৰ (হি.স.)। বিৰাট কোহলিৰ ঐতিহাসিক ৫০ সংখ্যক স্ক’ৰ (১১৭) আৰু শ্ৰেয়াছ আয়াৰ (১০৫)ৰ ধুমুহাময় শতকৰ বাবেই ভাৰতে বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ৩৯৮ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। টছত জয়ী হোৱাৰ পাছত ভাৰতে প্ৰথমে বেটিং কৰি ৫০ অভাৰত ৪টা উইকেট হেৰুৱাই ৩৯৭ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ অধিনায়ক ৰোহিত শৰ্মাই এক সুন্দৰ আৰম্ভণি কৰে। ৰোহিতে ৪টা চাৰি আৰু ৪টা ছয়ৰ সহায়ত ২৯টা বলত ৪৭ ৰানৰ ইনিংছ খেলিছিল। ইয়াৰ পিছতে বিৰাট কোহলীৰ সৈতে শুভমান গিলে ইনিংছটো আগুৱাই লৈ যায়। দুয়োৰে মাজত ৯৩ ৰানৰ অংশীদাৰিত্ব আছিল।
ইফালে গিলৰ মাংশপেশী টানি ধৰাৰ অসুবিধাৰ বাবে তেওঁ আঘাতপ্ৰাপ্ত হৈ অৱসৰ গ্ৰহণ কৰে। গিলে পেভিলিয়নলৈ উভতি অহাৰ পিছত কোহলী আৰু আয়াৰে দায়িত্ব লয় আৰু ১৬৩ ৰান সংগ্ৰহ কৰে। ইফালে কোহলীয়ে এদিনীয়া ক্ৰিকেটত ৫০তম শতক অৰ্জন কৰি অভিলেখ গঢ়িবলৈ সক্ষম হয়। এই শতকৰ জৰিয়তে কোহলীয়ে শচীনৰ ৪৯ শতকৰ অভিলেখো ভংগ কৰে। কোহলীৰ আউটৰ পিছত কে এল ৰাহুলৰ সৈতে আয়াৰে চতুৰ্থ উইকেটৰ বাবে ৫৪ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল। তাৰ পিছত আয়াৰে ৭০ বলত ১০৫ ৰানৰ দ্ৰুত ইনিংছ খেলি আউট হৈছিল। অৱশেষত শুভমান গিলে ক্ৰীজত ৰাহুলৰ সৈতে স্ক’ৰ ৩৯৭ লৈ বৃদ্ধি কৰে। শুভ্মান গিলে ৮০ ৰানত অপৰাজিত হৈ থাকে আৰু কে এল ৰাহুলে ৩৯ ৰানত অপৰাজিত হৈ থাকে। নিউজিলেণ্ডৰ হৈ আটাইতকৈ সফল বলাৰ আছিল চাউথী। তেওঁ ৩টা উইকেট দখল কৰাৰ বিপৰীতে ব’ল্টে এটা উইকেট লাভ কৰে।
হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ/অৰবিন্দ
