ডিব্ৰুগড়, ৩০ ডিচেম্বৰ (হি.স.)। ডিব্ৰুগড়ত আৰ এছ এছ ৰ প্ৰমোক্ষ মোহন ভাগৱত। কালি ধেমাজিত সত্ৰাধিকাৰ সকলৰ সতে হোৱা সভাত অংশগ্ৰহণ কৰি নিশা তেওঁ ডিব্ৰুগড়ৰ আৰ এছ এছৰ কেশৰী ভৱনত কটাই।
আজি পুৱা চহৰৰ বহু সংখ্যক গণ্যমান্য ব্যক্তিয়ে তেওঁক সাক্ষাৎ কৰাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালেও সাক্ষাৎ কৰে। প্ৰায় আধা ঘন্টা সময় দুয়ো আলোচনাত মিলিত হয়। অসমৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ কথা দুয়ো আলোচনা কৰাৰ লগতে কালি সম্পাদিত হোৱা আলফা আৰু চকাৰৰ মাজৰ শান্তি চুক্তিৰ সন্দৰ্ভতো আনন্দ প্ৰকাশ কৰা বুলি জনায় ডিব্ৰুগড়ৰ আৰ এছ এছ ৰ শীৰ্ষ নেতাই।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
