কোকৰাঝাৰ, ৩১ ডিছেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও সদৰ চহৰৰ মাজমজিয়াত স্থিত গোসাঁইগাঁও প্ৰেছ ক্লাৱত আজি বাঙালী জনমুক্তি বাহিনীয়ে সংবাদমেল সম্বোধন কৰি অস্ত্ৰ সম্বৰণ কৰা সংগঠনটোৰ সদস্য়সকলক পুনঃ সংস্থাপনৰ বাবে আৰ্থিক সাহাৰ্য্য দিবলৈ আহ্বান জনাইছে।
সংগঠনটোৰ দ্বাদশ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনা সংগঠনটোৰ সদস্য সকলক পুনৰ সংস্থাপনৰ বাবে চৰকাৰৰ আৰ্থিক সাহাৰ্য্যৰ পৰা বাদ পৰি যোৱা সদস্য সকলক অতি সোনকালে পুনঃ সংস্থাপনৰ বাবে আৰ্থিক সাহাৰ্য্য দিবলৈ আহ্বান জনায়। ইয়াৰ লগতে সমগ্ৰ অসমবাসীক ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
