অযোধ্যা, ৩০ ডিছেম্বৰ (হি.স.)। অযোধ্যালৈ এদিনীয়া ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে পুনৰ উন্নীতকৃত অযোধ্যা ধাম ৰে’ল ষ্টেচন উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে অযোধ্যালৈ প্ৰথমখন অমৃত ভাৰত ৰে’ল উপহাৰ দি ৰামলালাৰ ভক্তসকলৰ যাত্ৰাও সহজ কৰি তুলিলে। তেওঁ ইয়াৰ পৰাই দেশৰ বিভিন্ন প্ৰান্তলৈ চলিব লগা দুখন অমৃত ভাৰত ৰে’ল আৰু ৬ খন বন্দে ভাৰত ৰে’ল পতাকা জোকাৰি শুভাৰম্ভ কৰে।
ৰামনগৰীৰ মৰ্যাদাৰ লগত খাপ খুৱাই ৰেলৱেই অযোধ্যা জংচন সম্প্ৰসাৰণ কৰিছে। ৰাম মন্দিৰ নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত ৰামনগৰীত ভক্তৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত অযোধ্যা জংচনৰ পুৰণি ভৱনটোক নতুন ৰূপ দিয়া হৈছে। ৰে’ল ষ্টেচন ভৱনটো মন্দিৰ হিচাপে গঢ়ি তোলা হৈছে। আধুনিক সা-সুবিধাও নিশ্চিত কৰা হৈছে। লিফ্ট আৰু এস্কেলেটৰ স্থাপন কৰা হৈছে। অযোধ্যা ৰেলৱে ষ্টেচনক ত্ৰেতাযুগৰ আভা প্ৰদৰ্শন কৰা ঠাই হিচাপে ডিজাইন কৰা হৈছে। এই ষ্টেচনে এটা ভৱিষ্যৎ মন্দিৰৰ অনুভৱ দিয়ে। ইয়াৰ পৰা ৰাম মন্দিৰৰ দূৰত্ব প্ৰায় এক কিলোমিটাৰ। ইয়াৰ ক্ষমতা প্ৰায় ৫০ হাজাৰ যাত্ৰীৰ।
প্ৰধানমন্ত্ৰীয়ে ফ্লেগ অফ কৰা অমৃত ভাৰত ৰে’ল দুখনৰ ভিতৰত আছে এখন দৰভংগা-অযোধ্যা-আনন্দ বিহাৰ টাৰ্মিনেল অমৃত ভাৰত এক্সপ্ৰেছ আৰু আনখন মালদা টাউন-ছাৰ এম বিশ্বেশ্বৰায় টাৰ্মিনাছ (বেংগালুৰু) অমৃত ভাৰত এক্সপ্ৰেছ। প্ৰৱৰ্তন কৰা ছয়খন নতুন বন্দে ভাৰত ৰে’লৰ ভিতৰত আছে শ্ৰী মাতা বৈষ্ণো দেৱী কটৰা-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ, অমৃতসৰ-দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ, কইম্বাটুৰ-বেংগালুৰু কেণ্ট বন্দে ভাৰত এক্সপ্ৰেছ, মঙলদূৰ-মদগাঁও বন্দে ভাৰত এক্সপ্ৰেছ আৰু জালনা-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ আৰু অযোধ্যা-আনন্দ বিহাৰ টাৰ্মিনেল বন্দে ভাৰত এক্সপ্ৰেছ।
হিন্দুস্থান সমাচাৰ/আমোদকান্ত/মনোজ
