কাৰ্বি আংলং, ২৭ ছেপ্টেম্বৰ (হি.স.)। কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাই বোকাজানত শুকুৰবাৰে প্ৰতিবাদী সমদল বাহিৰ কৰে। সদ্য় প্ৰয়াত অসমৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি শুকুৰবাৰে সন্ধিয়া ছাত্ৰ সন্থাই এই প্ৰতিবাদী সমদল বাহিৰ কৰে।
বোকাজান ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা মমবাতি লৈ ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে বোকাজান নগৰত প্ৰতিবাদী সমদল উলিয়ায়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষিপ্ৰ তদন্ত, দোষীক কঠোৰ শাস্তি প্ৰদান, অৰ্থনৈতিক অপৰাধ শাখাৰ জৰিয়তে তদন্ত কৰা দাবী তোলে প্ৰতিবাদী ছাত্ৰ সন্থাৰ কৰ্মীসকলে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
