শ্ৰীভূমি, ২৫ আগষ্ট (হি.স.)। শ্ৰীভূমিত অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাড়ীত পুনৰ আৰক্ষীৰ অভিযানত জব্দ হৈছে বুজন পৰিমাণৰ নিচা জাতীয় সামগ্ৰী । নতুন কৌশলেৰে নিচা জাতীয় সামগ্ৰী সৰবৰাহ কৰিবলৈ গৈ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী।
ডব্লিউ বি ২৫ এন ৪৩৭০ নম্বৰৰ ট্ৰাকৰ পৰা উদ্ধাৰ হয় ৩০.৪২০ বটল নিষিদ্ধ কফ চিৰাফ। অসমৰ পৰা ত্ৰিপুৰা অভিমুখে গৈ থকা ট্ৰাকত আছিল মিঠা তেলৰ টিন । কিন্তু ৩৯০ টা টিনৰ ভিতৰত মিঠা তেলৰ সলনি ভৰাই অনা হৈছিল এছকাফ নামৰ নিষিদ্ধ কফ চিৰাফ। আৰক্ষীয়ে এই অভিযানত ছামিৰুল ইছলাম আৰু শ্বেখ আল আমিন নামৰ দুজনক গ্ৰেপ্তাৰ কৰে। ধৃত দুই জনৰ ঘৰ পশ্চিমবঙ্গৰ কলিকতাত বুলি জানিব পৰা গৈছে। জব্দ হোৱা কফ চিৰাফ খিনীৰ মুল্য প্ৰায় ৩.৪ কোটি টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
