হোজাই, ১৪ ডিছেম্বৰ (হি.স.): আগন্তুক জানুৱাৰীৰ পৰা সমগ্ৰ অসমত খাদ্য সুৰক্ষাৰ চাউল বিতৰণৰ পৰা বিৰত থাকিব সুলভ মূল্যৰ ব্যৱসায়ীসকল। লংকাত এই মন্তব্য কৰিছে সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ সভাপতি ধৰণীধৰ বৰাই।
লংকাৰ হোজাই জিলা সদৰ শংকৰদেৱ নগৰত কালি আবেলি অনুষ্ঠিত হোৱা সদৌ হোজাই জিলা সুলভ মূল্য ব্যৱসায়ী সন্থাৰ এক সজাগতা সভাত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে সভাপতি বৰাই।ব্যৱসায়ী সন্থাৰ বিভিন্ন দাবীসমূহ পুৰণৰ বাবে চৰকাৰক সদৌ ভাৰত সুলভ মূল্য ব্যৱসায়ী সন্থাৰ দিল্লীত অনুষ্ঠিত এক বৈঠকত নৱেম্বৰ মাহ পৰ্যন্ত এক সময়সীমা বান্ধি দিচিল যদিও গুৰত্ব প্ৰদান নকৰিলে চৰকাৰে। বিশেষকৈ, ব্যৱসায়ী সকলৰ কমিচন বৃদ্ধি কৰা,মাহেকীয়া পাৰিতোষিক ৩০ হাজাৰলৈ বৃদ্ধি কৰা আৰু ইনকাম্ গেৰান্টী ৫০ হাজাৰলৈ বৃদ্ধি কৰাৰ দাবী জনাইছিল ব্যৱসায়ীসকলে। যাৰ পৰিপ্ৰেক্ষিতত, ডিচেম্বৰ মাহটোত ক”লা বেজ পৰিধান কৰি চাউল বিতৰণ কৰাৰ বিপৰীতে জানুৱাৰীৰ পৰা অনিদ্দিৰ্ষ্ট সময়লৈকে অসমত চাউল বিতৰণৰ পৰা বিৰত থাকিব ব্যৱসায়ীসকল।ইপিনে,এনে সিদ্ধান্তৰ বাবে সমূহ অসমবাসীক ভূল নুবুজিবলৈ আহ্বান জনায় কেন্দ্ৰীয় সভাপতি ধৰণীধৰ বৰাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
