
ডিব্ৰুগড়, ২৫ ডিচেম্বৰ (হি.স.)। ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ বিহুতলীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সোণালী জয়ন্তী বৰ্ষ শুভাৰম্ভ সমাৰোহ অহা ২৬ ডিচেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব । ইয়াৰ বাবে ইতিমধ্যে উদ্যোক্তা সমিতিয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে । এই সন্দৰ্ভত দুলীয়াজানৰ বিহুতলীৰ খেলপথাৰত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে এখনি সংবাদমেল সম্বোধন কৰে।
উল্লেখ্য যে ১৯৭৬ চনৰ ২৬ ডিচেম্বৰত জন্ম লাভ কৰা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই চলিত বৰ্ষৰ ২৬ ডিচেম্বৰত গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষত উপনীত হ’ব। ইফালে জাতীয় -জনগোষ্ঠীয় কেইবাটাও দল-সংগঠনৰ বিষয়-ববীয়াই অংশ গ্ৰহণ কৰিবলগীয়া সমাৰোহত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী উপস্থিত থাকিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
