মৰিগাঁও, ০৭ নৱেম্বৰ (হি স)। ছনি বিবিচি আৰ্থৰ ফটো প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে মৰিগাঁও জিলাৰ জাগীৰোডৰ এজন যুৱকৰ ফটো। ‘আৰ্থ ইন ফকাছ’ শিতানৰ বাবে নিৰ্বাচিত এই বিশেষ ফটোখন দক্ষতাৰে নিজৰ লেঞ্চত আৱদ্ধ কৰা ফটোগ্ৰাফাৰ জন হৈছে জাগীভকত গাঁৱৰ সুৰজিৎ ৰাজখোৱা। এটা বহুজাতিক ফাৰ্মা কম্পেনীৰ অসমৰ বানিজ্যিক শাখাৰ গুৰু দায়িত্বত থাকিলেও সুৰজিতে নিজৰ হবি ফটোগ্ৰাফিৰ চৰ্চা অৱ্যাহত ৰাখিছে।
প্ৰধানত প্ৰকৃতি বিষয়ক ফটো তুলি ভালপোৱা সুৰজিতে আহৰি পালেই কেমেৰালৈ গুচি যায় অৰন্য অথবা নদীৰ পাৰলৈ। তাৰেই শেহতীয়া নিদৰ্শন চেপ্তেম্বৰ মাহত কাজিৰঙাত আৱদ্ধ কৰা গঁড়ৰ ফটোখনে ছনি বিবিচিৰ বিচাৰকৰ দৃষ্টি আকৰ্ষণ কৰে। এতিয়া স্বাভাৱিক প্ৰক্ৰিয়া মতে আৰম্ভ হ’ব নিৰ্বাচিত ফটো সমুহৰ মাজত ভোটদান প্ৰক্ৰিয়া।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
