বাক্সা, ১৬ ডিছেম্বৰ (হি.স.): বাক্সাত হাতীৰ আক্ৰমনত দুজন লোক নিহত হৈছে ৷ বৰনদীৰ পাৰত বগামাটি (গ্ৰাছলেণ্ড) ত সংঘটিত হৈছে এই ঘটনা। শুকুৰবাৰে সন্ধিয়া দেওচুঙাৰ ওৰাং বস্তিত পুনৰ হাতীৰ আক্ৰমনৰ বলি দুজন যুৱক।
হাতীৰ আক্ৰমণত নিহত লোক দুজন ক্ৰমে ৰাজেশ তিৰ্কী ( ৩২) আৰু অজয় মিন্সে (৩১) বুলি জানিব পৰা গৈছে ৷ যোৱাকালি সন্ধিয়া গৰু আনিবলৈ বৰনদীৰ পাৰ বগামাটিৰ ওচৰত যাওঁতে এই ঘটনা সংঘটিত হয়। ঘটনাৰ খবৰ লাভ কৰি বনবিভাগ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
