– ৰূপৰ ব্যৱসায় প্ৰতি কেজিত ৭৫,২০০ টকা
নতুন দিল্লী, ০৭ নৱেম্বৰ (হি.স.)। দীপাৱলী আৰু ধনতেৰাছৰ সপ্তাহত মঙলবাৰে একেৰাহে দ্বিতীয়বাৰৰ বাবে সোণৰ মূল্য হ্ৰাস পোৱাৰ ধাৰা দেখা গৈছিল। আজি দেশৰ বিভিন্ন বুলিয়ন বজাৰত ২৪ কেৰেট আৰু ২২ কেৰেট সোণৰ মূল্য ১০০ টকাৰ পৰা ১৫০ টকা হ্ৰাস পায়। ইফালে আজিও অধিকাংশ বুলিয়ন বজাৰতে সোমবাৰৰ ৭৫,২০০ টকা প্ৰতি কেজিৰ মূল্যৰ সমান স্তৰতে ৰূপৰ ব্যৱসায় হোৱা দেখা গ’ল।
দেশৰ ৰাজধানী দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬১,৫১০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৫৬,৪০০ টকা ৰেকৰ্ড কৰা হয়। একেদৰে আহমেদাবাদত আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৬১,৪১০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৫৬,৩০০ টকাকৈ বিক্ৰী কৰা হৈছে। চেন্নাইত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ৬১,৮৫০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ৫৬,৭০০ টকা। এই ডাঙৰ চহৰসমূহৰ উপৰিও মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৬১,৩৬০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৫৬,২৫০ টকাত বিক্ৰী হৈছে। একেদৰে কলকাতাতো ২৪ কেৰেট সোণে প্ৰতি ১০ গ্ৰামত ৬১,৩৬০ টকা আৰু ২২ কেৰেট সোণে প্ৰতি ১০ গ্ৰামত ৫৬,২৫০ টকাৰ মাত্ৰা লাভ কৰে।
আজি লক্ষ্ণৌৰ বুলিয়ন বজাৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৬১,৫১০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৫৬,৪০০ টকাৰ স্তৰত বিক্ৰী কৰা হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬১,৪১০ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৫৬,৩০০ টকাত বিক্ৰী হৈছে। একেদৰে জয়পুৰতো ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৬১,৫১০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৫৬,৪০০ টকাত বিক্ৰী হৈছে।
দেশৰ আন আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ বুলিয়ন বজাৰত সোণৰ মূল্য হ্ৰাস পোৱা গৈছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৬১,৩৬০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৫৬,২৫০ টকাৰ স্তৰত বিক্ৰী কৰা হৈছে।
হিন্দুস্থান সমাচাৰ/যোগিতা/মনোজ/অৰবিন্দ
