
নগাঁও, ৩০ জুন (হি.স.): নগাঁও জিলাৰ চাপানলাস্হিত চম্পাৱতী জলপ্ৰপাতত দেখা গৈছে পৰ্যটকৰ ভিৰ। কাৰ্বি আংলং পৰ্বতৰ উত্তৰ পূৱ দিশৰ পৰা অহা এটি জলধাৰা হ’ল চম্পাৱতী জলপ্ৰপাত। পাহাৰ আৰু সেউজীয়া বনাঞ্চলৰে ঘেৰা প্ৰকৃতি প্ৰেমীসকলৰ বনভোজ আৰু পৰ্যটনৰ অন্যতম স্থান হৈছে চম্পাৱতী জলপ্ৰপাত।
চম্পাৱতী জলপ্ৰপাতৰ আছে এটি সুন্দৰ কাহিনী। হংসধ্বজ ৰজাৰ কন্যা আছিল চম্পাৱতী। চম্পাৱতীয়ে মাঘী সপ্তমীৰ দিনা এই অন্তিম কুণ্ডত স্নান কৰিছিল আৰু সেইদিনাৰ পৰাই লোক বিশ্বাস যে চম্পাৱতী কুণ্ডত স্নান কৰিলে পুণ্য হয় লগতে বেমাৰ ব্যাধি দূৰ হয়। মাঘী সপ্তমীৰ পিছদিনা ইয়াত এক মহা কুণ্ড মেলাও আয়োজন হয়। সেউজ পাহাৰ, চৰাই চিৰিকটিৰ কিৰিলি, সৌন্দৰ্য আৰু নিৰিৱিলিয়ে বহি:জিলা আৰু বহি:ৰাজ্যৰ বনভোজ দলক আকৃষ্ট কৰে এই স্থানে। বনভোজ, প্ৰকৃতি আৰু নিৰিবিলি পৰিৱেশৰ কাৰণে বহু পৰ্যটক আহে এই স্থানলৈ । বৰ্তমান বনভোজৰ বতৰ নহয় যদিও গৰমৰ পৰা ক্ষন্তেকীয়া পৰিত্ৰাণ পাবলৈ ইয়ালৈ বহু পৰ্যটকৰ ভিৰ দেখা যায় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
