ধেমাজি জিলাৰ জোনাই অঞ্চলত অৱস্থিত পবা বনাঞ্চল এখন বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে প্ৰস্তাৱিত হৈছে। এই বনাঞ্চল আৰু তাৰ দাঁতি কাষৰীয়া অঞ্চলত পৰিৱেশগত সংকট সৃষ্টিৰ এক গম্ভীৰ সমস্যা দেখা দিছে। চিলে নৈৰ প্ৰদূষিত পানীয়ে এলেকাখনৰ জীৱ বৈচিত্ৰ্য, বনাঞ্চলৰ বন্যপ্ৰাণী, স্থানীয় লোকসকলৰ পোহনীয়া জন্তু-জান্বৰ পৰা আৰম্ভ কৰি মানুহলৈকে গভীৰ সংকটৰ সৃষ্টি কৰিছে। প্ৰায় দুমাহ ধৰি এই সমস্যাই উদ্বিগ্ন কৰি তুলিছে স্থানীয় ৰাইজক।
BulletsIn
-
চিলে নৈৰ প্ৰদূষিত ঘোলা পানীয়ে পবা বনাঞ্চলৰ জীৱকুল আৰু স্থানীয় ৰাইজক বিভিন্ন অচিন ৰোগত আক্ৰান্ত কৰিছে।
-
নৈৰ প্ৰদূষণৰ ফলত থলুৱা মাছ, কাছ, কেকুঁৰা আদি জলচৰ আৰু উভয়চৰ প্ৰাণী ব্যাপকভাৱে মৃত্যুমুখত পৰিছে।
-
স্থানীয় ৰাইজৰ সন্দেহ মতে, বনাঞ্চলৰ বন্যপ্ৰাণী, চৰাই চিৰিকতি প্রভৃতি বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুমুখত পৰিছে।
-
অৰুণাচল সীমান্তত চলি থকা ৰেলৱে দলং, পথ সম্প্ৰসাৰণ, ক্ৰেচাৰ মিল আৰু অবৈধ খননকাৰ্যই নৈখন প্ৰদূষণৰ মূল কাৰণ।
-
দলং নিৰ্মাণত ব্যৱহৃত চিমেণ্ট আৰু ৰাসায়নিক দ্ৰব্য নৈত পেলোৱাৰ ফলত পানী ঘুলা আৰু বিষাক্ত হৈ পৰিছে।
-
ক্ৰেচাৰ মিলৰ ধুলি আৰু ৰাসায়নিক বর্জ্য নৈত পৰাৰ ফলত জলজ জীৱৰ স্বাস্থ্যত প্ৰভাৱ পৰিছে।
-
স্থানীয় সাতখনতকৈ অধিক গাঁৱৰ পৰিয়ালে এই নৈৰ পানী দৈনন্দিন কাম-কাজত ব্যৱহাৰ কৰি অহা পৰিসৰত বৰ্তমানে সমস্যাৰ সন্মুখীন হৈছে।
-
নদীৰ প্ৰদূষিত পানীত গা ধোৱা, কাপোৰ ধোৱা আদিৰ ফলত চৰ্মৰোগ আৰু অন্যান্য স্বাস্থ্য সমস্যা দেখা দিছে।
-
স্থানীয় ৰাইজে এই সমস্যাৰ বাবে উদ্বিগ্ন হৈ বিভাগীয় কৰ্তৃপক্ষৰ পৰা তৎকালীন ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
-
পবা বনাঞ্চলৰ জীৱ বৈচিত্ৰ্য আৰু স্থানীয় বাসিন্দাসকলৰ স্বাস্থ্য সুৰক্ষাৰ স্বাৰ্থত নৈখনৰ প্ৰদূষণ ৰোধ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।
