বেইজিং, ৩০ জুন (হি.স.)। মেকলেৰেনৰ লেণ্ডো ন’ৰিছে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই দেওবাৰে অনুষ্ঠিত হোৱা ফৰ্মুলা-১ অষ্ট্ৰিয়ান গ্ৰা প্ৰিক্সত জয়ী হয়। সতীৰ্থ অস্কাৰ পিয়াষ্ট্ৰীয়ে দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে ৰেড বুলৰ মেক্স ভাৰ্ষ্টাপেনে দৌৰৰ প্ৰথম লেপতে মাৰ্চিডিজৰ কিমি এণ্টনেলিৰ সৈতে কুণ্ডা মাৰি বাহিৰ হয়।
ৰেড বুল ৰিং চাৰ্কিটত তীব্ৰ উত্তাপৰ মাজতে ন’ৰিছে প’ল পজিচনৰ পৰা আৰম্ভণি কৰিছিল আৰু জয়ৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল। তৃতীয় স্থানৰ পৰা আৰম্ভ কৰি পিয়াষ্ট্ৰীয়ে প্ৰথম কোণত চাৰ্লছ লেক্লেৰ্কক অতিক্ৰম কৰে। ইয়াৰ পিছত তেওঁ গোটেই দৌৰখন ন’ৰিছৰ ওপৰত হেঁচা ৰাখিছিল।
দৌৰৰ টাৰ্নিং পইণ্ট আহিছিল ১১ নং লেপত যেতিয়া পিয়াষ্ট্ৰীয়ে ডি আৰ এছৰ সুযোগ লৈ টাৰ্ণ ৩ত সাময়িকভাৱে অগ্ৰগতি লাভ কৰিছিল যদিও একেটা লেপতে নৰিছে স্থান দখল কৰি পুনৰ অগ্ৰগতি লাভ কৰিছিল।
পিছৰ পৰ্যায়ত ন’ৰিছে ফ্ৰন্ট উইংৰ সামান্য ক্ষতিৰ সৈতে অগ্ৰগতি বজাই ৰাখিছিল আৰু বেকমাৰ্কাৰৰ মাজত ব্যৱধান বজাই ৰাখিছিল। দলীয় ৰেডিঅ’ত স্পষ্টকৈ কোৱা হৈছিল যে দুয়োজন মেকলেৰেনৰ চালকে ইজনে সিজনক ৰেচ দিবলৈ মুক্ত, কিন্তু চৰ্ত আছিল যে দুয়োখন গাড়ীয়ে নিৰাপদে শেষ কৰিব।
ফিনিচিং লাইনত পিয়াষ্ট্ৰিৰ বিৰুদ্ধে ২.৭ ছেকেণ্ডৰ অগ্ৰগতিৰে দৌৰত জয়লাভ কৰে ন’ৰিছে। এই ছিজনত তেওঁৰ তৃতীয়টো জয় আছিল আৰু ইয়াৰ জৰিয়তে তেওঁ পিয়াষ্ট্ৰিৰ চেম্পিয়নশ্বিপ পইণ্টৰ অগ্ৰগতি মাত্ৰ ১৫ পইণ্টলৈ হ্ৰাস কৰিছিল।
যোৱাবাৰ কানাডাৰ গ্ৰা প্ৰিত নৰিছে পিয়াষ্ট্ৰিৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল, যাৰ বাবে তেওঁ দৌৰৰ পৰা আঁতৰি আছিল। নৰিছে সেই ভুল স্বীকাৰ কৰিছিল আৰু এতিয়া অষ্ট্ৰিয়াত এই জয় তেওঁৰ বাবে আত্মবিশ্বাস বৃদ্ধিৰ কাৰণ হৈ পৰিছিল।
দৌৰৰ আৰম্ভণি নাটকীয় আছিল যেতিয়া কাৰ্লোছ চাইঞ্জৰ উইলিয়ামছৰ গাড়ীখন ফৰ্মেচন লেপতে ৰৈছিল, যাৰ বাবে দৌৰৰ দূৰত্ব ৭১ৰ পৰা ৭০ লেপলৈ হ্ৰাস পাইছিল। আৰম্ভণিৰ লগে লগে এণ্টনেলিয়ে ব্ৰেকিং পইণ্ট ভুলকৈ হিচাপ কৰি ভাৰ্ষ্টাপেনৰ সৈতে সংঘৰ্ষ কৰে, যাৰ বাবে দুয়োখন গাড়ী আউট হৈ যায়। এই দুৰ্ঘটনাই ভাৰ্ষ্টাপেনৰ পইণ্টৰ ধাৰাটো ভাঙি পেলালে যিটো ৩১খন দৌৰলৈকে চলি থাকিল।
মেকলেৰেনৰ এই যুটিটোৰ পিছতে তৃতীয় স্থানত আছে ফেৰাৰীৰ চাৰ্লছ লেক্লেৰ্ক, যিটো এই ছিজনত তেওঁৰ চতুৰ্থটো প’ডিয়াম ফিনিছিং। লুইছ হেমিল্টনে চতুৰ্থ আৰু জৰ্জ ৰাছেলে পঞ্চম স্থান লাভ কৰে।
শীৰ্ষ দহৰ ভিতৰত থকা আন চালকসকলৰ ভিতৰত ৰেচিং বুলছৰ লিয়াম লছন আৰু এষ্টন মাৰ্টিনৰ ফাৰ্নাণ্ডো এল’নছ’ই ষষ্ঠ আৰু সপ্তম স্থান দখল কৰি গুৰুত্বপূৰ্ণ পইণ্ট লাভ কৰে। গেব্ৰিয়েল বৰ্টলেট্টোৱে অষ্টম স্থান দখল কৰি কেৰিয়াৰৰ প্ৰথমটো এফ ১ পইণ্ট লাভ কৰে। নিকো হালকেনবাৰ্গে নৱম আৰু এষ্টেবান অকনে দশম স্থান লাভ কৰে।
ড্ৰাইভাৰ চেম্পিয়নশ্বিপ ষ্টেণ্ডিং:
অস্কাৰ পিয়াষ্ট্ৰি : ২১৬ পইণ্ট
লেণ্ডো ন’ৰিছ: ২০১ পইণ্ট
মেক্স ভাৰ্ষ্টাপেন: ১৫৫ পইণ্ট
কনষ্ট্ৰাক্টৰৰ চেম্পিয়নশ্বিপ ষ্টেণ্ডিং:
মেকলেৰেন : ৪১৭ পইণ্ট
ফেৰাৰী : ২১০ পইণ্ট
মাৰ্চিডিজ : ২০৯ পইণ্ট
এতিয়া এফ ১ কাৰাভা ব্ৰিটিছ গ্ৰা প্ৰিৰ বাবে ছিলভাৰষ্টোনৰ দিশে আগবাঢ়িব, য’ত ন’ৰিছ আৰু পিয়াষ্ট্ৰি দুয়োজনে প্ৰথম জয়ৰ সন্ধান কৰিব।
—————
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
