
বিশ্বনাথ, ২৬ জুন (হি.স.): বিশ্বনাথৰ চতিয়াত যোৱাকালি বুধবাৰে বিয়লি অবৈধ ভাৱে কঢ়িয়াই অনা ২৮টাকৈ গৰু জব্দ কৰা হয়। চিলাপথাৰৰ পৰা শিলচৰ অভিমুখে এখন টাটা কন্টেনাৰত লৈ আনিছিল পশুধনসমূহ।
চতিয়া আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি চতিয়াৰ নাগশংকৰৰ দিকৰাই দলং সমীপত জব্দ কৰে গৰুসহ অবৈধভাৱে সৰবৰাহকৰা গাড়ীখন। জব্দ কৰা গাড়ীখনৰ নম্বৰ এএছ ০১ এনচি ৯৪২৫ বুলি জানিব পৰা গৈছে । অবৈধ গৰু সৰবৰাহৰ লগত জড়িত জিয়াবুৰ ৰহমান, ৰাজেক আলী, ৰফিকুল আলি, দীপ পাটিৰ আৰু নিত্যানন্দ কামিন নামক পাঁচজনক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
