

নগাও, ১৬ আগষ্ট (হি.স.)। সত্ৰৰে ভৰা ঐহিত্যমণ্ডিত কলিয়াবৰ। সত্ৰ সমূহত আছে বহু পৌৰাণিক সমল। কলিয়াবৰৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী চামগুৰি সত্ৰতো আছে ২৭৫ বছৰ পুৰণা শিল্প, পূৰ্বৰ সত্ৰাধিকাৰ সকলে কাঠত কটা কিছুমান ভাস্কৰ্য শিল্প। কিন্তু সম্প্ৰতি সংৰক্ষণৰ অভাৱত য’তে ত’তে পৰি আছে উক্ত শিল্প সমূহ।
শিল্প সমূহ পৰিস্কাৰকৰণৰ বাবে আৰ্ট চ’ছাইটি কলিয়াবৰৰ সদস্য সকলে লৈছে বিশেষ পদক্ষেপ ৷ কলিয়াবৰ আৰ্ট চ’ছাইটিৰ সভাপতি বিশিষ্ট চিত্ৰশিল্পী যোগেন্দ্ৰ সিং আৰু সম্পাদক অৰূপ কলিতাকে প্ৰমূখ্য কৰি আন সদস্য সকলে ভাস্কৰ্য শিল্পসমূহ সংৰক্ষণৰ বাবে চিকুনাই সুশৃংখলিত কৰা এক কাৰ্যসূচী ৰূপায়ন কৰে ৷ কলিয়াবৰ আৰ্ট চ’ছাইটিৰ এই পদক্ষেপক চামগুৰি সত্ৰৰ সত্ৰাধিকাৰকে প্ৰমূখ্য কৰি সত্ৰীয়া সকলে ধন্যবাদ জ্ঞাপন কৰে ৷
হিন্দুস্থান সমাচাৰ / Narayan Kar
