ধেমাজি, ৩১ ডিচেম্বৰ (হি.স.)। জোনাই সমজিলাৰ বনজ সম্পদৰ ওপৰত শেন চকু পৰিছে বালি মাফিয়াৰ। দিনে-নিশাই চিয়াং নৈৰ বুকুত চলিছে অবৈধ বালি খনন। এইক্ষেত্ৰত জোনাইৰ বন বিভাগে নিৰ্বিকাৰ ভূমিকা লৈছে।
অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙৰ মোলাই কাঠনিৰ আশেপাশে থকা বনজ সম্পদ ধ্বংসৰ আশংকাৰ ঘটনা মাৰ নাযাওঁতেই এইবাৰ জোনাইৰ চিয়াং নৈৰ বুকুত বালি মাফিয়াই দিনে-নিশাই চলাইছে অবৈধ বালি খনন কাৰ্য।
উল্লেখযোগ্য যে জোনাই বন বিভাগৰ দুৰ্বলতাৰ সুযোগ লৈ দিনে-নিশাই বালি খননত ব্যস্ত আছে ঠিকাদাৰ ৰূপী বালি মাফিয়া। এই অবাধ খননৰ ফলত নৈখনৰ প্ৰাকৃতিক গঠন ভাঙি পৰাৰ লগতে ভৱিষ্যতে তীব্ৰ গৰাখহনীয়াৰ আশংকাই দেখা দিয়াৰ সম্ভাৱনা প্ৰকাশ কৰিছে সচেতন মহলে। সেয়ে সময় থাকোতেই জোনাই বন বিভাগক চিয়াং নৈখনক বালি মাফিয়াৰ কবলৰ পৰা ৰক্ষা কৰাৰ লগতে এই অবৈধ খনন কাৰ্য তৎক্ষণাৎ বন্ধ কৰিবলৈ দাবী জনাইছে সচেতন ৰাইজে। অন্যথা এই অবৈধ খনন কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীৰ আশ্ৰয় ল’ব বুলি সকিয়াই দিয়ে সচেতন ৰাইজে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
