বৰপেটা, ১৯ নৱেম্বৰ (হি.স.): বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ এখন দুৰ্গম এলেকাত থকা নিৰ্মিয়মান উপ স্বাস্থ্য কেন্দ্ৰটি সম্প্ৰতি ভূত বাংলাত পৰিণত হৈছে । ৪ নং বাঘমাৰা চৰত নিৰ্মাণ হ’বলগীয়া এই উপ স্বাস্থ্য কেন্দ্ৰৰ ঠিকা লাভ কৰে স্হানীয় সমষ্টিৰ মন্দিয়া অঞ্চলৰ ছফিকুল ইছলামে।অভিযোগ অনুসৰি ২০১৯ চনত ছফিকুল ইছলামে শ্বমেচ উদ্দিনক লগত লৈ এই কামৰ শুভাৰম্ভ কৰি আধৰুৱা কৰি পলায়ন কৰে দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ দুজনে।
ইফালে দীৰ্ঘদিন কাম বন্ধ ৰখাৰ অভিযোগত স্থানীয় একাংশ লোকে এজাহাৰ দাখিল কৰে ঠিকাদাৰৰ বিৰুদ্ধে।অভিযোগৰ ভিত্তিত বাঘবৰ আৰক্ষীয়ে সহযোগী শ্বমেচ উদ্দিনক আটক কৰে যদিও ছফিকুলে জামিনত উলিয়াই আনে। কিন্তু আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল নিৰ্মিয়মান উপ স্বাস্থ্য কেন্দ্ৰৰ সম্পূৰ্ণ কাম। উপায়ন্তৰ হৈ ভুক্তভোগী ৰাইজে দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ দুজনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰি অতি শীঘ্ৰে উপ স্বাস্থ্য কেন্দ্ৰখনৰ কাম সম্পূৰ্ণ কৰি ডক্টৰ নাৰ্চৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক কাতৰ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
