সামাজিক মাধ্যমত বহিঃৰাষ্ট্ৰৰ তৎপৰতাত আশ্চৰ্য্য প্ৰকাশ দিলীপ শইকীয়াৰ
গুৱাহাটী, ২০ জুন (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এক সংবাদ মেলযোগে ৰাজ্যখনৰ জিলা উপায়ুক্ত সকললৈ মন্দিৰ, নামঘৰ আদি ধৰ্মীয় অনুষ্ঠান সমূহৰ পাঁচ কিলোমিটাৰৰ ভিতৰত কোনো লোকে ভৱিষ্যতে গো-হত্যা, গো-মাংস বিক্ৰী আৰু সেৱন কৰিব নোৱাৰে, তাৰ বাবে কঠোৰ ব্যৱস্থা ল’বলৈ জাৰি কৰা নিৰ্দেশনাক আদৰণি জনাইছে ভাৰতীয় জনতা পাৰ্টি, অসম প্রদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। উল্লেখ্য যে যোৱা ঈদৰ সময়ত ৰাজ্যৰ ধুবুৰী, হোজাই, গোৱালপাৰা, লক্ষীমপুৰ, যোৰহাট আদি ঠাইত একাংশ বাংলাদেশীমূলৰ মুছলমানে হিন্দু মন্দিৰ, নামঘৰ আদি অনুষ্ঠানক লক্ষ্য কৰি গো-মাংস পেলাৱা কাৰ্য্য অত্যন্ত দুৰ্ভাগ্যজনক লগতে আশ্চৰ্য্যজনকভাৱে উক্ত দুস্কৃতিকাৰী সকলৰ অধিকাংশই চৰকাৰী ভূমি পি জি আৰ, ভি জি আৰ, ট্ৰাইবেল বেল্ট আৰু ব্লক আদি চৰকাৰী ভূমিত বসবাস কৰে বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে সদৰী কৰা কথাষাৰ অত্যন্ত উদ্বেগজনক বুলি ৰাজ্যিক সভাপতি গৰাকীয়ে মন্তব্য কৰে।
ৰাজ্য চৰকাৰে উক্ত চৰকাৰী ভূমি সমূহত বসবাস কৰা সন্দেহজনক লোকসকলৰ নথি-পত্ৰ অতি সোনকালে পৰীক্ষা কৰি তেঁওলোকৰ বিৰুদ্ধে আইনগত বিহিত ব্যৱস্থা লোৱাৰ সিদ্ধান্তত সন্তোষ প্রকাশ কৰে সভাপতি গৰাকীয়ে। আনহাতেদি সংবাদ মেলখনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্রকাশ কৰা ধৰণেৰে অসমৰ কংগ্ৰেছ আৰু এজন কংগ্ৰেছ নেতাৰ সমৰ্থনত বিদেশী ৰাষ্ট্ৰ পাকিস্তান, বাংলাদেশ, মধ্য প্ৰাচ্যৰ কেইবাখনো দেশ তথা আন বহুকেইখন ৰাষ্ট্ৰৰ পৰা চলাই থকা কিছুমান সামাজিক মাধ্যমৰ একাউন্ট বিগত এমাহৰ পৰা সক্ৰিয় হোৱাৰ তথ্য ৰাজ্য চৰকাৰে লাভ কৰিছে আৰু এতিয়ালৈকে প্রায় পাঁচ হাজাৰ এনে একাউন্ট ফৰেঞ্চিকৰ ৰিপোর্টত সত্য প্রমাণিত হোৱাটো অসমৰ সমাজ জীৱনৰ বাবে অত্যন্ত উদ্বেগজনক বুলি অভিহিত কৰে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই।
বহিঃৰাষ্ট্ৰ পৰা সুনিয়োজিতভাৱে চলাই থকা সামাজিক মাধ্যমৰ উক্ত একাউন্ট সমূহে ভৱিষ্যতৰ দিনত অসমৰ সমাজ জীৱনত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্টকাৰী পৰিৱেশ সৃষ্টি কৰিব বুলি ৰাজ্য চৰকাৰে যি আশংকা কৰিছে, তাক কঠোৰভাৱে ৰোধ কৰিবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰাজ্য চৰকাৰক আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
